অহা কালিৰ পৰা অনুষ্ঠিত হবলগীয়া ত্ৰয়োদশ সংখ্যক তিৱা সাহিত্য সভাৰ স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ সোঁৱৰণী ক্ষেত্ৰত চলিছে ব্যাপক প্ৰস্তুতি।
উদুলি মুদুলি মৰিগাঁও ঔজাৰীস্থিত স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ সোঁৱৰণী ক্ষেত্ৰ।অহা কালিৰ পৰা তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ত্ৰয়োদশ সংখ্যক তিৱা মাথনলাই তখ্ৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন। ২১,২২ আৰু ২৩ মাৰ্চত অনুষ্ঠিত হব এই অধিৱেশন । ইতিমধ্যে মূল তোৰণ, জোঙাল বলহুৰ আৱক্ষমূৰ্তি, শ্বহীদ বেদী, পতাকা বেদী, বাণিজ্য মেলা, প্ৰদৰ্শনী, ভোজনালয় আৰু মূল মণ্ডপৰ কাম প্ৰায় আশী শতাংশ সম্পূৰ্ণ হৈছে।

স্বকীয় বৈশিষ্ট্যপূৰ্ণ তিৱাসকলৰ বাৰেৰহণীয়া ঐতিহ্য পৰম্পৰা, সাংস্কৃতিক আৰু লোক পৰিবেশ্য কলা অধিবেশনস্থলীত প্ৰতি দিনাই হ’ব প্ৰদৰ্শিত। পাহাৰ আৰু ভৈয়ামত বসবাস কৰা লোকসকলৰ মত বিনিময় আৰু জনগোষ্ঠীটোৰ বৰেণ্য কবি, সাহিত্যিক সকলৰ সমাহাৰাৰে অধিবেশনখনিক অনন্য মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ আদৰণি সমিতিৰ। বিশেষকৈ অধিৱেশনৰ শেষৰ দিনা অনুষ্ঠিত হবলগীয়া মুকলি সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি উপভোগ কৰিব ১০০০ গৰাকী তিৱা নৃত্য শিল্পীয়ে প্ৰদৰ্শন কৰিবলগীয়া “বৰত” নৃত্য । অধিৱেশনখনিৰ সৰ্বতুপ্ৰকাৰে সফল কৰি তুলিবলৈ আদৰণি সমিতিৰ সভাপতি তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আমন্ত্ৰণ জনোৱা লগতে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে।