অসম মেঘালয় সীমান্তৱৰ্তী হাটশিঙিমাৰীস্হ Smart Integrated Academy ৰ সাফল্য…

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত অৱস্থিত Smart Integrated Academy খনৰ শিক্ষক শিক্ষয়িত্ৰী সকল বৰ দক্ষ আৰু উক্ত একাডেমী খনত শিক্ষক শিক্ষয়িত্ৰী সকলে উচ্চ মানদণ্ডৰ শিক্ষা প্ৰদান কৰে বুলি প্ৰতিষ্ঠানটোৰ সম্পাদক আ: কাদিৰে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।এই একাডেমী খনত ২০২৩ বৰ্ষৰ পৰা ক্লাছ নাৰ্ছাৰীৰ পৰা ক্লাছ দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী সকলে নামভৰ্তি কৰি অধ্যয়ন কৰি আহিছে। কিন্তু এই বেলি এই একাডেমী খনত H.S.ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিজ্ঞান আৰু কলা শাখা খুলিছে আৰু উক্ত বিভাগত ছাত্ৰ-ছাত্ৰী সকলক নাম ভৰ্তিৰ বাবে সম্পাদক জনে আহ্বান জনায়।


ইতিমধ্যে এই একাডেমী খনত ক্লাছ নাৰ্ছাৰীৰ পৰা নৱম শ্ৰেণীলৈকে মুঠ ১০০ জন ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি কৰিছে আৰু ২৫০ জন ছাত্ৰ-ছাত্ৰীয়ে প্ৰপত্ৰ লৈছে বুলি স্কুল খনৰ অধ্যক্ষা নাসিমা বেগমে জানিবলৈ দিয়ে।এই সন্দৰ্ভত সম্পাদক জনে দক্ষিণ শালমাৰা মানকাচৰ জিলাখনৰ ছাত্ৰ-ছাত্ৰী সকল তথা সিহঁতৰ অভিভাৱক সকলক সিহঁতৰ প্ৰতিষ্ঠানটোত নাম ভৰ্তিৰ বাবে অনুৰোধ জনায় ।

এই প্ৰতিষ্ঠানখনে ছাত্ৰ-ছাত্ৰী সকলক উন্নতমানৰ শিক্ষা প্ৰদান কৰাৰ উপৰিও বিভিন্ন ধৰণৰ সাংস্কৃতিক চৰ্চা কৰি থাকে বুলি সম্পাদক জনে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। উল্লেখ্য যে এই একাডেমী খনত মাজে সময়ে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান দেখিবলৈ পোৱা যায়।