
অসম-মিজোৰাম সীমান্তত সৃষ্টি হোৱা সংঘৰ্ষত নিহত অসম আৰক্ষীৰ জোৱানসকলৰ পৰিয়ালক ৰাজ্য চৰকাৰে ৫০ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াব। সোমবাৰে সীমান্তৱৰ্তী অঞ্চলত সংঘটিত হোৱা ঘটনাৰ পাছত পৰিস্থিতিৰ বুজ লবলৈ কাছাৰত উপস্থিত হয় গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী শৰ্মাই শ্বহীদ জোৱানসকলক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত অসম আৰক্ষীৰ আইন শৃংখলাৰ দায়িত্বত থকা বিশেষ আৰক্ষী সঞ্চালক জি পি সিঙেও এই সংঘৰ্ষত নিহত ৬ আৰক্ষী বিষয়া, জোৱানক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলে। উক্ত ঘটনাত আহত কাছাৰ জিলাৰ আৰক্ষীৰ অধীক্ষক গৰাকীক উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেন্সৰে মহাৰাষ্ট্ৰলৈ নিয়াৰ কথাও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।
ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, মিজোৰ দুৰ্বৃত্তৰ লগতে ৰাজ্যখনৰ আৰক্ষীয়েও এল এম জি তথা আন অত্যাধুনিক মৰানাস্ত্ৰৰে এই আক্ৰমণ সংঘটিত কৰিছিল। পাহাৰৰ ওপৰৰ পৰা চলোৱা এনে আক্ৰমণক গৰিহণা দি মুখ্যমন্ত্ৰীয়ে যিকোনো মূল্যৰ বিনিময়ত অসমৰ ভূমি সুৰক্ষিত কৰিব বুলি আশ্বাস দিয়ে। অসমৰ ১ ইঞ্চি মাটিও এৰি নিদিয়ে বুলি জানিবলৈ দি তেওঁ কয়, নিজ দেশৰ নাগৰিকৰ ওপৰত এনে বৰ বৰ আক্ৰমণ চলোৱাতো অতি পৰিতাপৰ কথা ।