
ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা সংগ্ৰামী তথা অসম হিতৈষী বীৰাংগনাৰ স্মৃতিত ৰাইজে কৰো’নাতংকৰ মাজতে চৰকাৰী নীতি নিয়ম মানি আনুষ্ঠানিকভাৱে শ্ৰদ্ধা নিবেদিছে।
বিভিন্ন জনে আজিৰ এই দিনটো অসমীয়া জীয়ৰীৰ জনমভূমিৰ প্ৰতি থকা প্ৰেম আৰু সাহসৰ প্ৰৱল সাক্ষী বুলি মন্তব্যয়ো কৰা পৰিলক্ষিত হৈছে।
উল্লেখণীয় যে গহপুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত জন্ম লাভ কৰা কনকলতা বৰুৱা ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ হিচাপে জনা যায়।
উল্লেখ্য যে ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ অংশ স্বৰূপে ২০ ছেপ্তেম্বৰত এই গৰাকী বীৰাংগনাই নিজৰ ঠাইত ভাৰতৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ বৃটিছ আৰক্ষীৰ গুলীত প্ৰাণ আহুতি দি শ্বহীদ হৈছিল।
দেশ তথা জাতিৰ হকে প্ৰাণ আহুতি দিয়া এই গৰাকী মহান নাৰীক আজিৰ দিনটোতে ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে তাৰ পৰিপ্ৰেক্ষিতত আমিয়ো বীৰাংগনা নাৰী কনকলতা বৰুৱাৰ স্মৃতি দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো ।