অসম পালেহি লাভলীনাঃ- বিমান বন্দৰত উষ্ম আদৰণি……
গুৱাহাটী বিমানবন্দৰত আহি উপস্থিত হ’লহি অসম গৌৰৱ লাভলীনা বৰগোহাঁই।
অলিম্পিকত পদক লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে অসমত ভৰি থৈছে লাভলীনাই।
লাভলীনাক আদৰিবলৈ বিমানবন্দৰত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ক্ৰীড়া মন্ত্ৰী বিমল বৰা।
উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব।
হুঁছৰিৰে বিমানবন্দৰৰ পৰা আদৰিব লাভলীনাক।
বিমানবন্দৰৰ বাহিৰত আছে বহু অনুৰাগী।
বিমানবন্দৰৰ পৰা লাভলীনাক বিশেষ বাহনেৰে লৈ যোৱা হ’ল হোটেল তাজ ভিভাণ্টালৈ।