
নিউজ ডেস্কঃ অসম গো-সুৰক্ষা বিধেয়ক ২০২১ বাতিলৰ দাবীত মঙ্গলবাৰে নিখিল ভাৰত কৃষক সভাৰ উদ্যোগত ৰাজ্য জুৰি পালন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী । ৰাজ্য জুৰি পালন কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ সমান্তৰালকৈ ঘিলামৰা আঞ্চলিক নিখিল ভাৰত কৃষক সভায়ো এক প্ৰতিবাদী সমদল উলিয়ায় কাৰ্যসূচীত সহযোগ কৰে ।সভাৰ এই প্ৰতিবাদী সমদল ঘিলামৰাৰ ৰাজপথেদি দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰি পিছত সদৰ তিনিআলি হৈ সোৱণশিৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰবেশ কৰে ।সোৱণশিৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে উল্লেখিত গো-সুৰক্ষা বিধেয়ক বাতিল কৰাৰ দাবীত নিখিল ভাৰত কৃষক সভাৰ ঘিলামৰা আঞ্চলিক শাখাই ৰাজ্যপাললৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে ।