sangbad lahar logo

অসম আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান অব্যাহত৷

বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানত বিশ্বনাথৰ বাঘমাৰিৰ চাহ বাগিচাৰ ৫ নং লাইনৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ গাঞ্জা সহ জব্দ নগদ ৩,১১,১৮০ টকা। আজি বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ ডেকা আৰু ডি এছ পি জয়ন্ত বৰুৱাৰ নেতৃত্বত জিনজিয়া আৰক্ষী থানাৰ দলে ৩০ নং অৰ্ধ সামৰিক বাহিনীৰ সহযোগত বিশ্বনাথৰ বাঘমাৰি চাহ বাগিচাৰ ৫ নং লাইনৰ মালতী তাতী নামৰ মহিলা গৰাকীৰ ঘৰত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমানৰ ধণ সহ গাঞ্জা।উল্লেখ যে, উল্লেখিত মহিলা গৰাকীৰ ঘৰত বহু দিনৰ পৰাই অবৈধ গাঞ্জাৰ ব্যবসায়ী চলাই আহিছিল।অৱশেষত আজি বিশ্বনাথ জিলা আৰক্ষীৰ অভিযানকাৰী দলটোৱে এই অবৈধ গাঞ্জা ব্যবসায়ীৰ ঘৰৰ পৰা বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰাত স্থানীয় ৰাইজ স্বস্তিৰ নিশ্বাস পেলায়।আনহাতে অভিযানকাৰী আৰক্ষীৰ দলটোৱে অবৈধ গাঞ্জা মজুত থকা মালতী তাতী নামৰ মহিলাগৰাকীকো সোধপোছৰ বাবে আটক কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *