
অসমৰ বিশ্বনাথ জিলাৰ সুযোগ্য সন্তান শিশু শিল্পী জয়ন্ত মাধৱ ভৰালীয়ে ভাৰতৰ প্ৰতিনিধি হিচাপে নেপালৰ কাঠমাণ্ডুৰ চা ৰে গা মা পা লিটল চেম্প প্ৰতিযোগিতাত অগ্রণী স্থান গ্ৰহণ কৰি ভোটিং পৰ্যায়ত প্ৰৱেশ কৰিছে।

দেউতাক উমা ভৰালীয়ে সন্তান জয়ন্ত মাধৱ ভৰালীৰ হৈ অসম বাসীৰ ওচৰত কৰযোৰে ভোটৰ সহায় বিচাৰিছে। লগতে জয়ন্ত মাধৱ ভৰালীয়েও অসমবাসীৰ ওচৰত ভোট দিবৰ বাবে প্ৰাৰ্থনা জনাইছে। এইবাৰ শিশু শিল্পী জয়ন্ত মাধৱ ভৰালীয়ে সমগ্ৰ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই অনাৰ পুৰ্ণ সম্ভাৱনা।

কেৱল লাগে মাথো আপোনালোকৰ সহায়-সহযোগীতা হিচাপে একোটাকৈ ভোট। আপোনাৰ এটা বহুমূলীয়া ভোটে হয়টো জয়ন্ত মাধৱ ভৰালীক অসম তথা সমগ্র ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সহায় কৰিব।

শুক্রবাৰৰ নিশা ৯ বজাৰ পৰা সোমবাৰৰ পুৱা ১১:৪৫ বজালৈ মুকলি কৰি দিয়া হৈছে ভোটিং ব্যবস্থা। জয়ন্ত মাধৱ ভৰালীক ভোট দিবৰ বাবে লিংক মুকলি কৰি দিয়া হৈছে। উক্ত লিংকত গৈ আপুনিও অংশীদাৰী হ’ব পাৰে জয়ন্ত মাধৱ ভৰালীক জয়যুক্ত কৰি সমগ্র ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই অনাত।