
১৭/০৮/২০২১:- হৰি নাম ধ্বনিৰে মুখৰিত হৈ পৰে বৰঙ্গাজুলি সত্ৰৰ চৌহদ বিভিন্ন জাতি জনগোষ্ঠীৰ ভকত বান্ধৱ সকলে আদৰি সত্ৰাধিকাৰৰ আসন শুৱনি কৰিলে ।
অসমৰ সত্ৰসমূহৰ লগতে ওদালগুৰিৰ ব্যঙ্গাজুলি সত্ৰ হ’ল এক উল্লেখনীয় সত্ৰ।
যিখন সত্ৰত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে একতাৰ এনাজৰীৰে সমন্বয়ৰ সেতু গঢ়িবলৈ সক্ষম হৈছে।
ওদালগুৰিৰ ডিমাকুছিত অৱস্থিত বৰঙ্গাজুলি সত্ৰখনৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত আতায় ১৮ জুলাইত ইহলীলা সম্বৰণ কৰিছিল। সেইদিনা ধৰি পৰৱৰ্তী সত্ৰাধিকাৰ আসন শূন্য হৈ পৰিছিল ।
অৱশেষত আজি বহুতো জল্পনা কল্পনাৰ অন্তত নিৰঞ্জন বড়োক আনুষ্ঠানিক ভাৱে সত্ৰাধিকাৰৰ দায়িত্ব অৰ্পণ কৰে ।
আজি এই অভিশেষ অনুষ্ঠানত অসমৰ সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে অসমৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ উপস্থিত থাকে ।
হৰি নাম ধ্বনি কীৰ্তনৰ লগতে বড়ো জনগোষ্ঠীৰ খেৰাই নৃত্যৰে মনোমোহা হৈ পৰে বৰঙ্গাজুলি সত্ৰ।
লক্ষীমপুৰৰ বদতি কুমাৰ কতা চাঙেনি সত্ৰৰ সত্ৰাধিকাৰ মতিলাল পেগু , লক্ষীমপুৰৰ তৰাজুলি সত্ৰৰ সত্ৰাধিকাৰ লক্ষী নাৰায়ণ অধিকাৰী , ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰৰ ৰাজিৱ লোচন সন্ত , সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী জগন্নাথ দেৱ অধিকাৰী উপস্থিত থাকে ।
116 Comments