
স্বাধীন ভাৰতৰ ৭৫ টা বছৰ অতিক্ৰম কৰিলে।এই শুভক্ষনত ভাৰত বৰ্ষৰ বিভিন্ন ৰাজ্যৰ সমান্তৰাল ভাৱে অসমৰ গুৱাহাটী আৰু তেজপুৰৰ পৰা SSB জোৱান সকলে চাইকেল ৰেলী ৰে দিল্লী লৈ যাত্ৰা কৰে।
২ অক্টোবৰ তাৰিখে দিল্লীত অনুষ্ঠিত হবলগীয়া অমৃত মহোৎসৱত অংশ গ্ৰহণৰ উদ্দেশেৰে এই ৰেলী আৰম্ভ কৰে। আজি পুৱা জোৱান সকলোক মাণিকপুৰ আৰক্ষী থানাত বিজনী কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী আৰু মাণিকপুৰ আৰক্ষীৰ তৰফৰ পৰা সম্ভাষণ জনায়।
মাণিকপুৰ থানাত পুৱাৰ আহাৰ গ্ৰহণ কৰি পুনৰ ছাইকেলৰ যাত্ৰা আৰম্ভ কৰে। এই যাত্ৰাত ৩৪ জনকৈ জোৱান আৰু লগতে বিভিন্ন কাৰীকৰি সহযোগী, চিকিৎসকৰ দল, বিভিন্ন বিষয় ববীয়া সকল লগত থাকে ।