sangbad lahar logo

অসমৰ গোগামুখত সংঘটিত এক বৃহৎ পথ দুৰ্ঘটনাত পিতা-পুত্ৰ থিতাতে নিহত ..

প্ৰাৰম্ভিক খবৰ অনুসৰি অসমৰ ধেমাজি জিলাৰ গোগামুখ মহকুমাৰ চাউলধোৱা বালি গাঁৱত এখন গাড়ীত গৈ থকা অৱস্হাত নৈশ চুপাৰ বাছৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । দুৰ্ঘটনাৰ ফলত দুয়োজনেই থিতাতে নিহত হয় । লাভ কৰা তথ্য অনুসৰি গুৱাহাটীৰ পৰা ধেমাজি অভিমুখে গৈ থকা যাত্ৰীবাহী বাছখনে টাটা নেক্সন গাড়ীৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত দুৰ্ঘটনা সংঘটিত হয় । পিছত ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে বিষয়াসকলে । নিহত দুজন চেনিম আলী (পিতৃ) আৰু ইমাম আলী (পুত্ৰ) বুলি চিনাক্ত কৰা হৈছে । য'ত, পঞ্জীয়ন নম্বৰ AS 07 V 6761 থকা গাড়ীখন ক্ষতিগ্ৰস্ত হৈছিল, বাছখনৰো ক্ষয়-ক্ষতি হৈছে বুলি জানিব পৰা গৈছে ।

Related Articles