
বিপ্লৱৰ নিচান উৰুৱাই ব্ৰিটিছৰ নিদ্ৰাহৰণ কৰা ‘বজ্ৰ ওস্তাদ’ৰ জীৱনটোও আছিল সংগ্ৰামৰেই যেন এক নাম । নানা ঘাত-প্ৰতিঘাতৰ মাজতো কেতিয়াও থমকি নোৰোৱা এটা অপৰাজেয় সত্ত্বা আছিল ব্ৰজ শৰ্মা ।
একাধাৰে সুদক্ষ অভিনেতা, নাট্যকাৰ আৰু অসমৰ ভ্ৰাম্যমাণ নাটকৰ জনক আছিল তেওঁ । ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনত সৰভোগৰ বেঁকী নৈৰ পাৰত থকা ব্ৰিটিছৰ সামৰিক ঘাটি নিশাৰ ভিতৰতে জ্বলাই দি ইংৰাজৰ প্ৰভুত্বকো প্ৰত্যাহ্বান জনাইছিল ব্ৰজনাথ শৰ্মাই ।
এইজন বীৰেই এসময়ত বৰনগৰৰ এদল দুৰন্ত সহযোদ্ধাক লগত লৈ অসীম সাহসেৰে, সুপৰিকল্পিতভাৱে বিমান ঘাটি জ্বলাই দি বৰনগৰত স্বাধীনতা সংগ্ৰামৰ ইতিহাসত এক বীৰগাঁথাৰ সংযোজন ঘটাইছিল ।
১৯৬০ চনৰ ১২ ছেপ্টেম্বৰত অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মাই ইহঃ সংসাৰ ত্যাগ কৰে । এক আপোচহীন সংগ্ৰামী সত্ত্বাই জীৱনৰ শেষ মুহূৰ্তলৈকে কোনো প্ৰলোভনৰ ওচৰত হাৰ মনা নাছিল ।
আজি এই সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ মৃত্যু তিথিত। এই দিনটোত বিপ্লৱী শিল্পীগৰাকীলৈ আমাৰ ফালৰ পৰা যাচিলোঁ একাঁজলি শ্ৰদ্ধাঞ্জলি ।
1 Comment