sangbad lahar logo

অভয়াপুৰীত দীপাৱলীক কেন্দ্ৰ কৰি মৃৎশিল্পীৰ মাজত ব্যাপক ব্যস্ততা।

দীপাৱলীৰ সন্ধিয়া মাটিৰ চাকিৰ পোহৰেৰে আলোকিত কৰিবলৈ মাটিৰ চাকি নিৰ্মানত ব্যস্ত হৈ পৰিছে অভয়াপুৰীৰ পাল পাৰাৰ মৃৎশিল্পী সকল।বৈদ্যুতিক লাইটৰ আগ্ৰাসনে মাটিৰ চাকিৰ চাহিদা হ্ৰাস কৰিলেও মাটিৰ চাকি নিৰ্মানত এইবেলিও থমকি ৰোৱা নাই অভয়াপুৰী পাল পাৰাৰ মৃৎশিল্পীৰ পৰিয়াল সমূহ।আৰ্থিক ভাৱে অতিকৈ দুৰ্বল এই মৃৎশিল্পীৰ পৰিয়াল সমূহক চৰকাৰে আজিলৈকে কোনোধৰন আৰ্থিক সাহায্য প্ৰদান নকৰাত দুখ প্ৰকাশ কৰে তেওঁলোকে। মাটিৰ চাকি নিৰ্মানত জৰিত এই অঞ্চলৰ প্ৰায় ৩০ টাকৈ পৰিয়ালৰ প্ৰতিটো পৰিয়ালে দীপাৱলীৰ সময়ত প্ৰায় ১০ হেজাৰ মাটিৰ চাকি নিৰ্মাণ কৰি উলিয়াই। বঙাইগাঁও জিলাৰ বিভিন্ন বজাৰত মাটিৰ চাকি বোৰ বিক্ৰী কৰে যদিও উপাৰ্জনতকৈ ব্যয় অধিক হোৱাৰ বাবে মৃৎশিল্পীৰ বহু পৰিয়ালে এই কৰ্মৰ পৰা নিজকে বিৰত ৰাখিবলৈ বাধ্য হৈ পৰিছে। সেয়ে চৰকাৰৰ যথাযথ সহাঁৰিয়ে এই মৃৎশিল্পীৰ পৰিয়াল সমূহক লাভাম্বিত কৰিব বুলি আশা প্ৰকাশ কৰিছে পৰিয়াল সমূহে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *