
সৃষ্টিৰ নিয়ম মানি সময়ৰ চিৰন্তন ৰীতিকে সাৰোগত কৰি ঋতুৰ বুকুত ঋতুৱে বাগৰ সলায়। মাহৰ পিছত মাহ ধৰাৰ বুকুলৈ নামি আহে।এনেদৰেই প্ৰকৃতিৰ বুকুলৈ নামি আহে শৰৎ কাল।এই শৰততে কাতি মাহৰ সংক্ৰান্তিৰ দিনাই অসমীয়া ৰাইজে পালন কৰে প্ৰাণৰো আপোন কাতি বিহু। প্ৰধানকৈ কৃষি প্ৰধান অসমীয়াৰ কৃষি কাৰ্যৰ সৈতে জড়িত এই কাতি বিহু। সেউজীয়া হৈ পৰা ধাননী ডৰা মংগলৰ বাবেই এই বিহু পালন কৰে। লখিমীক সন্তুষ্ট কৰি ধাননি ডৰাক ৰক্ষা কৰাৰ লক্ষ্যৰে পালন কৰা কাতি বিহুৰ লোকাচাৰ ঠাই ভেদে ভিন্ন ভিন্ন হয় যদিও উদ্দেশ্য একেটাই।এই দৃশ্য বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ দেওহাটী গাওৰ ।চহা ৰাইজৰ প্ৰাণৰোধিক কাতি বিহু উদযাপন কৰে অভয়াপুৰীৰ দেওহাটীবাসী ৰাইজে। কাতি বিহুত পথাৰত চাকি জ্বলাবলৈ এই অঞ্চলৰ ৰাইজে ব্যৱহাৰ কৰে ঔ টেঙা। চাকি জ্বলাবৰ বাবে গছৰ পৰা ঔ টেঙা পাৰি আনি বাকলিবোৰ উলিয়াই লয়। ঔৰ বাকলিবোৰত তেল শলিতা দি বাঁহৰ মিহি কঠিৰ ওপৰত লগাই শইচৰ মংগল কামনাৰে চাকি জ্বলায়। পৰম্পৰাগত ভাবে সন্ধিয়া অভয়াপুৰীৰ দেওহাটীৰ কৃষক ৰাইজে পথাৰত চাকি জ্বলাই পথাৰৰ শ্ৰীবৃদ্ধি কামনাৰে লক্ষ্মীদেৱীক প্ৰাৰ্থনা জনায়।। পথাৰত চাকি জ্বলোৱাৰ পিছতেই চোতালত নকৈ ৰোৱা তুলসী পুলিৰ তলত চাকি জ্বলাই ঘৰৰ সকলোৱে লখিমীক উদ্দেশ্যি প্ৰাৰ্থনা জনাই যাতে পথাৰৰ শইচ সুকলমে আনি ভৰালত সোমোৱাব পাৰে ৰাইজে।