নিউজ ডেস্ক, ১৩ মে’: কৰ’না প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত থকা লক্ ডাউনৰ ফলত বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ আছে আন ৰাজ্যৰ শ্ৰমিক। মহাৰাষ্ট্ৰততো আৱদ্ধ হৈ আছে বিহাৰ, উত্তৰ প্ৰদেশ, কৰ্ণাটকৰ বহু শ্ৰমিক।সেই শ্ৰমিকক গৃহৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ বাছৰ ব্যৱস্থা কৰি মহানুভৱতা দেখুৱাইছে বলিউডৰ জনপ্ৰিয় অভিনেতা চনু সুদে। মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ চৰকাৰৰ অনুমতি সাপেক্ষে ১১ মে’ত দহ খন বাছেৰে তিনিশতাধিক শ্ৰমিকক কৰ্ণাটকলৈ পঠিয়াই বলিউডৰ জনপ্ৰিয় অভিনেতা জনে কয়- প্ৰত্যেক জন ভাৰতীয়ই নিজৰ আপোন মানুহ আৰু আপোন ঘৰত থাকিবলৈ বিচাৰে। সেইবাবে শ্ৰমিকসকলে ঘৰলৈ যাব পাই আৱেগিক হোৱা দেখি আমি সন্তুষ্টি লভিছোঁ। উল্লেখ্যযোগ্য যে, লক্ ডাউনৰ সময়ছোৱাত শ্ৰমিকসকলৰ বাবে গ্ৰহণ কৰা পদক্ষেপক সকলোৱে শলাগ লৈছে। অনাগত সময়ত বিহাৰ, ঝাৰখণ্ড,উত্তৰ প্ৰদেশ আদি ৰাজ্যলৈ মহাৰাষ্ট্ৰত আৱদ্ধ বহু শ্ৰমিকক প্ৰেৰণ কৰিবলৈ প্ৰস্তুতি চলাই আছে বুলি অভিনেতা জনে সদৰী কৰে।

276 Comments