sangbad lahar logo

অভয়াপুৰীত গৰাখহনীয়া

শেহতীয়াকৈ নেৰানেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ উফন্দি উঠিছে আই নৈৰ বুকু। আৰু ইয়াৰ ফলতে ৰাজ্যৰ বিভিন্ন অংশত সৃষ্টি হৈছে এতিয়া তীব্ৰ খহনীয়াৰ। অভয়াপুৰী নিকটৱৰ্তী ডুমেৰগুৰীত যোৱা কেইবাদিন ধৰি আই নৈত সৃষ্টি হোৱা ব্যাপক খহনীয়াই নৈপৰিয়া ৰাইজক আতংকিত কৰি তুলিছে। দৈনিক খহনীয়াত নিশেষ হৈ গৈছে ৫০/৬০ ঘৰ বাৰী লগতে কৃষিভূমি। এই ক্ষেত্ৰত কোনো খবৰ লোৱা নাই অভয়াপুৰী অঞ্চলত জলসম্পদ বিভাগৰ বিভাগীয় কতৃপক্ষই। ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। কাৰণ আৰু কিছুদিন খহনীয়া অব্যাহত থাকিলে অসমৰ মানচিত্ৰ পৰা নাইকীয়া হ’ব অভয়াপুৰী নিকটৱৰ্তী ডুমেৰগুৰী গাঁওখন।গৰা খহনীয়া ৰুধিবলৈ চৰকাৰ-প্ৰশাসনে প্ৰতিবছৰে অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও সেয়া সন্তেষপুৰ, ডুমেৰগুৰী গাঁও পঞ্চায়তৰ ক্ষেত্ৰত ফুটুকাৰ ফেনত পৰিণত হোৱা লেখীয়া হৈছে । গতিকে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত নতুন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবনে নাই, সেয়া সময়তহে লক্ষ্যণীয় হ’ব ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *