sangbad lahar logo

অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে শৰণীয়া পাহাৰত চলিব উচ্ছেদ অভিযান, মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা…

আজিৰ দিনটোত দেশে পালন কৰিছে গান্ধী জয়ন্তী। এই উপলক্ষে গুৱাহাটী মহানগৰীৰ গান্ধী মণ্ডপত GMDAৰ উদ্যোগত উদযাপন কৰা হয় ১৫২ সংখ্যক জন্ম দিৱস ।তাৰ সমান্তৰালকৈ গান্ধী মণ্ডপস্থিত মহাত্মা গান্ধীৰ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত- অবৈধ বেদখলকাৰীৰ উচ্ছেদ অভিযান চলিব এইবাৰ শৰণীয়া পাহাৰত। সেই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ ঘোষণা- শৰণীয়া পাহাৰত খিলঞ্জীয়া লোকক বাদ দি একাংশ অবৈধ লোক বহিছে। আনহাতে শৰণীয়া পাহাৰত মদ ভাঙৰো আড্ডা চলে। গতিকে জিলা প্ৰশাসনক উচ্ছেদ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলিও মন্তব্য আগবঢ়ায় তেওঁ। এশবছৰৰ শুভ ক্ষণত গান্ধীজীয়ে জিৰণি লোৱা শৰণীয়া পাহাৰত থকা গান্ধী মণ্ডপত গান্ধী জয়ন্তীৰ অনুষ্ঠান আয়োজন কৰি এইদৰে ব্যক্ত কৰে তেওঁ। আনহাতে আটাইকে মহাত্মা গান্ধীৰ আদৰ্শৰে জাতিটোক আগবাঢ়ি যাবলৈ আহ্বান হিমন্ত বিশ্ব শৰ্মাৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *