অভিনেতা তথা ছবি পৰিচালক সতীশ কৌশিকে ৬৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । মিষ্টাৰ ইণ্ডিয়া ছবিত কেলেণ্ডাৰৰ দ্বাৰা পৰিচিত হৈ পৰা এইগৰাকী বলীউদৰ ছুপাৰষ্টাৰে বৃহস্পতিবাৰে পোৱাৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে । গাড়ীৰে যাত্ৰা কৰি থকা অৱস্থাত কৌশিকৰ হাৰ্ট এটেকত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । চিকিৎসকে কৌশিকক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰিছিল যদিও ৯ মাৰ্চত তেওঁ শেষ উশাহ লৈছিল । মৃত্যুৰ সময়ত তেওঁ পত্নী শশী আৰু কন্যা ১১ বছৰীয়া বংশিকা কৌশিকক এৰি থৈ যায় । তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে দীনদয়াল হাস্পতাললৈ লৈ যোৱা হৈছে আৰু বিয়লি প্ৰায় ৩ বজাত তেওঁৰ পৰিয়ালক গতাই দিয়াৰ সম্ভাৱনা আছে, তাৰ পিছত তেওঁৰ শেষ ৰীতি-নীতি সম্পন্ন কৰা হ’ব । কৌশিকৰ মৃত্যুৰ খবৰটো তেওঁৰ বন্ধু তথা ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতা অনুপম খেৰে এটা টুইটযোগে নিশ্চিত কৰিছে ।