অনুশাসন আৰু নিষ্ঠা সফলতাৰ চাবিকাঠি: আৰ জি ইউ বৃত্তি (RGU)অনুষ্ঠানত লেফটেনেণ্ট কৰ্ণেল সিং

অনুশাসন আৰু নিষ্ঠা সফলতাৰ চাবিকাঠি: আৰ জি ইউ বৃত্তি (RGU)অনুষ্ঠানত লেফটেনেণ্ট কৰ্ণেল সিং১২৯ গৰাকী আৰ জি ইউৰ ছাত্ৰ-ছাত্ৰীক শৈক্ষিক প্ৰদৰ্শনৰ বাবে বৃত্তি প্ৰদান । ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক প্ৰদৰ্শনক পুৰস্কৃত কৰাৰ অৰ্থে অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিয়ে ২০২৪–২৫ চনৰ ছেমিষ্টাৰ টপাৰ বৃত্তিৰ বাবে যোগ্যতা অৰ্জন কৰা আদৰ্শ ছাত্ৰ-ছাত্ৰী সকলক সন্মান জনাই মাহেকীয়া বৃত্তি বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে। বিভিন্ন বিভাগৰ প্ৰত্যেক ছেমিষ্টাৰৰ মুঠ ১২৯ গৰাকী ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ অসাধাৰণ শৈক্ষিক প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে ₹৩,০০০ টকাৰ মাহিলী বৃত্তি প্ৰদান কৰা হয়। এই প্ৰাপকসকলৰ ভিতৰত ১৩ জন ব্যতিক্ৰমী ছাত্ৰ-ছাত্ৰীক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়, কিয়নো তেওঁলোক ইতিমধ্যে বিশ্ববিদ্যালয়ে আগবঢ়োৱা অন্যান্য সন্মানীয় বৃত্তিৰ অধিকাৰী।অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এন চি চিৰ অসম বেটেলিয়নৰ কোম্পানী ১ৰ কামাণ্ডিং অফিচাৰ লেফটেনেণ্ট কৰ্ণেল ৰাজকুমাৰ বেনাৰ্জিত সিঙে। লগতে উপস্থিত থাকে আৰ জি ইউৰ একাডেমিকছ অধ্যক্ষ অধ্যাপক (ড°) অলক কুমাৰ বুঢ়াগোহাঁই; একাডেমিক পঞ্জীয়ক অধ্যাপক (ড°) ডি এন সিং; লগতে বিভিন্ন বিভাগৰ ডীন, অধ্যাপক, আৰু ছাত্ৰ-ছাত্ৰী।সফল ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি লেফটেনেণ্ট কৰ্ণেল সিঙে কয়, ‘আৰজিইউৰ সকলো উচ্চ কৃতিত্বসম্পন্ন ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।সফলতাত উপনীত হোৱাটো প্ৰশংসনীয় যদিও ইয়াক বাহাল কৰি ৰখাৰ বাবে নিৰন্তৰ অনুশাসন আৰু নিষ্ঠাৰ প্ৰয়োজন।” তেওঁ প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়—কেৱল সামৰিক বাহিনীত নহয়, জীৱনৰ প্ৰতিটো পৰ্যায়তে, সেয়া ছাত্ৰ হিচাপেই হওক, শৈক্ষিক দিশতেই হওক, বা শিশু হিচাপেই হওক। তেওঁ লগতে কয়, “প্ৰশিক্ষণে চৰিত্ৰ গঢ় দিয়ে আৰু সফল জীৱনৰ ভেটি স্থাপন কৰে।” সামগ্ৰিক বিকাশৰ ওপৰত আলোকপাত কৰি তেওঁ জোৰ দি কয় যে শৈক্ষিক উৎকৰ্ষতাৰ বাহিৰেও ছাত্ৰ-ছাত্ৰীসকলে জীৱন দক্ষতাও গঢ়ি তুলিব লাগিব আৰু দায়িত্বশীল, দয়ালু মানুহ হ’বলৈ চেষ্টা কৰিব লাগিব। অধ্যাপক অলক কুমাৰ বুঢ়াগোহাঁইয়ে কয়, “আৰ জি ইউয়ে সদায় ছাত্ৰ-ছাত্ৰীসকলক কেৱল শৈক্ষিক দিশত নহয়, সহ-পাঠ্যক্ৰমৰ সাধনাতো পাৰদৰ্শিতা দেখুৱাবলৈ উৎসাহিত কৰি আহিছে ।” এই বৃত্তিটো শৈক্ষিক মেধা উদযাপন আৰু ছাত্ৰ-ছাত্ৰীসকলক উৎকৃষ্টতাৰ বাবে চেষ্টা কৰিবলৈ প্ৰেৰণা যোগোৱাৰ দিশত এক পদক্ষেপ বুলিও তেওঁ লগতে কয়।